থোৰতে মাজুলী

                                                       থোৰতে মাজুলী 

             অসমীয়া কলা সংস্কৃতিৰ বৰঘৰ মাজুলী । মাজুলী হৈছে অসমৰ ব্ৰহ্মপু্ত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়। মাজুলী নামটোৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী হৈছে। য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভঁৰাল।  

            মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়, কাৰণ মাজুলীত থকা সত্ৰসমূহৰ জৰিয়তে এক সাংস্কৃতিক পৰিবেশ বিৰাজমান হৈ আছে। বিভিন্ন সময়ত বিভিন্ন লোক তথা পৰ্যটকৰ আগমনে মাজুলীত অনন্য এক পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। মাজুলীত থকা সত্ৰ অনুষ্ঠানবোৰৰ বাবে ইয়াত বেছিকৈ পৰ্যটকৰ আগমণ ঘটা দেখা পোৱা যায়।

             যিহেতু মাজুলী হৈছে সত্ৰ নগৰী। ইয়াত কেইবাখনো সত্ৰ আছে । দক্ষিণপাট সত্ৰ, আউীআটী সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেঙেনাআটি সত্ৰ আদি । এই আটাকেইখন সত্ৰৰে নিজা নিজা ৰীতি নীতি আৰু উৎসৱ পার্বন আছে। ইয়াৰ ভিতৰত চামগুৰি সত্ৰ মুখাৰ বাবে বিখ্যাত। চামগুৰি সত্ৰত নিৰ্মাণ কৰা মুখাই অসমৰ বাহিৰতো চমক লগোৱা দেখিবলৈ পোৱা গৈছে।

             মাজুলীত বিভিন্ন সময়ত বিভিন্ন উৎসৱ পাৰ্বন পালন কৰা হয়। গুৰু দুজনাৰ তিথিৰ পৰা আদি কৰি কৃষ্ণৰ জন্মাষ্টমীলৈকে সকলোবোৰ পালন কৰা হয়।বিশেষকৈ ভগৱান শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সময়ত মাজুলী দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হোৱা দেখিবলৈ পোৱা যায়। কানাইৰ ভূৱন বুলোৱা বাঁহীৰ সুৰে আৰু গোপিনিৰ আঁকুল ভৰা লয়লাসে মাজুলীৰ আকাশ বতাহ জীপাল কৰি তোলে। থোৰতে মাজুলীৰ এটি চমু আভাষ এনেদৰেই দাঙি ধৰা হল ।


Comments