Posts

Showing posts from November, 2024

থোৰতে মাজুলী

                                                       থোৰতে মাজুলী               অসমীয়া কলা সংস্কৃতিৰ বৰঘৰ মাজুলী । মাজুলী হৈছে অসমৰ ব্ৰহ্মপু্ত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰ তাৰিখে মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়। মাজুলী নামটোৰ অৰ্থ হ'ল নৈৰ মাজৰ ডাঙৰ চাপৰি বা দ্বীপ, অৰ্থাৎ বৈ যোৱা নদীৰ মাজৰ ভূখণ্ড। মাজুলী" নামৰ উৎপত্তিৰ দিশৰ পৰা সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা দেৱে সন্ধি ভাঙি দেখুওৱাইছে যে "মা"+"জুলী"= মাজুলী হৈছে। য'ত "মা= মা লক্ষ্মী" আৰু "জুলী= জোলোঙা/ভঁৰাল।               মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়, কাৰণ মাজুলীত থকা সত্ৰসমূহৰ জৰিয়তে এক সাংস্কৃতিক পৰিবেশ বিৰাজমান হৈ আছে। বিভিন্ন সময়ত বিভিন্ন লোক তথা পৰ্যটকৰ আগমনে মাজুলীত অনন্য এক পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। মাজুলীত থকা সত্ৰ অনুষ্ঠানবোৰৰ ...